Activities of Department of Assamese

Title: - International Matribhasha Divas
Start Date - 2023-02-21   End Date - 2023-02-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ সাহিত্য চ'ৰাৰ উদ্যোগত, অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ সহযোগত আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। মাতৃভাষা দিৱসৰ মূল কাৰ্যসূচীৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই। ইতিহাস বিভাগৰ বিভাগীয় প্ৰধান ডঃ বিকাশ নাথে নিৰ্দিষ্ট বক্তা ৰূপে বক্তৃতা প্ৰদান কৰে। ডঃ নাথে মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে সাৱলীল আৰু সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়। অনুষ্ঠানটিত আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ বিনয়ব্ৰত ৰাজখোৱাই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ এইবাৰৰ বিষয়বস্তু সম্পৰ্কে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়।
আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বহুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে প্ৰতিযোগিতাখনি সফল কৰি তুলিলে। বক্তৃতা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক এখনি মানপত্ৰ আৰু এখন গ্ৰন্থৰে পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাখনি সঞ্চালনা কৰে ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা য়াচমিন খানে। বিচাৰকৰ দায়িত্ব পালন কৰে নিৰ্দিষ্ট বক্তা ডঃ বিকাশ নাথ আৰু অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা অৰ্চনা কোঁৱৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ সাহিত্য চ'ৰাৰ সদস্য ডঃ অম্বুজ ঠাকুৰ, নিজৰা বৰুৱা, মাইনু টেৰণপী, ডঃ জয়ন্ত পাঠক উপস্থিত থকাৰ উপৰিও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ডঃ ৰুবী নাথ, বাণিজ্য বিভাগৰ গীতা শৰ্মা, উজ্জীৱিতা ফুকন, ৰাজনীতি বিজ্ঞান বিভাগৰ ডঃ দীপক কুমাৰ শৰ্মা আৰু মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানতটোৰ আঁত ধৰোঁতা সাহিত্য চ'ৰাৰ আহ্বায়ক তথা অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ডঃ কৰবী গগৈৰ একাষাৰ আৰু শলাগ জ্ঞাপনৰ পিছতে অনুষ্ঠানটিৰ সামৰণি পৰে।