Activities of Department of Assamese

Title: - International Matribhasha Divas
Start Date - 2020-02-21   End Date - 2020-02-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ২১-০২-২০২০ তাৰিখ সোমবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বিনয়ব্ৰত ৰাজখোৱাদেৱে। সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে- শ্ৰীযুত ৰবীন শইকীয়া, শ্ৰীযুত সুনীল কুমাৰ ভট্টাচাৰ্য, শ্ৰীযুতা অৰ্চনা কোঁৱৰ, ড৹ কৰবী গগৈ আৰু শ্ৰীযুত মন্টু মৰাণ। আনহাতে আন্তৰাষ্ট্ৰীয়  মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে  ড৹বিনয়ব্ৰত ৰাজখোৱা, শ্ৰীযুত  সুনীল কুমাৰ ভট্টাচাৰ্য আৰু ড৹ কৰবী গগৈয়ে।
            মাতৃভাষা দিৱসৰ বাবে তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী মৌকুঁহি বৰুৱা, ৰশ্মিৰেখা গগৈ আৰু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী চয়নিকা দাসে । ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী পূবালী শইকীয়াই বক্তৃতা প্ৰদান কৰে। শেষত অধ্যাপিকা অৰ্চনা কোঁৱৰে শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি মাৰে।