Activities of Department of Assamese

Title: - RABHA DIVAS
Start Date - 2019-06-20   End Date - 2019-06-20   Duration - 1 days.
Nature of the Activity: - Cultural Event
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু সাহিত্য চ’ৰাৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ উপাধ্যক্ষা মামণি গগৈ বৰুৱাই এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৰাভা দ্ৱসৰ মূল কাৰ্যসূচীৰ আৰম্ভণিতে মহািবদ্যালয়ৰ ছাত্ৰী লিজা শইকীয়াই এটি ৰাভা সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা কোঁৱেৰ এটি ৰাভা সংগীত পৰিৱেশন কৰে। মহািবদ্যালয়ৰ উপাধ্যক্ষা মামণি গগৈ বৰুৱাই ৰাভাৰ জীৱন আৰু কৰ্মৰ এটি বিশ্লেষণ আগবঢ়ায়। অদ্যাপক সুনীল কুমাৰ ভট্টাচাৰ্যই ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়। ৰাভা দিৱসটিত মহাবিদ্যালয়ৰ ছাত্ৰ বিতোপন ৰৰা, চুমী বৰাই গীত পৰিৱেশন কৰে। সাহিত্য চ’ৰাৰ আহ্বায়িকা তথা অসমীয়া বিভাগৰ অধ্যাপিকা ড০ কৰবী গগৈয়ে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণী মাৰে।