Activities of Department of Assamese

Title: - International Matribhasha Divas
Start Date - 2019-02-21   End Date - 2019-02-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ২১-০২-২০১৯ তাৰিখ বৃহস্পতি বাৰে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' উপলক্ষে অসমীযা বিভাগৰ তৰফৰপৰা এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা মামণি গগৈ বৰুৱা বাইদেউৱে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীযা বিভাগৰ অধ্যাপিকা অৰ্চনা কোঁৱৰে। 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ লগত সংগতি ৰাখি সভাত নিৰ্দিষ্ট বক্তা আসন অলংকৃত কৰাৰ লগতে ভাষণ দিয়ে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় , টীয়কৰ 'আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ'ৰ সমন্বয়ক ড৹ বিনয়ব্ৰত ৰাজখোৱাই। অৰ্থনীতি বিভাগৰ অধ্যাপক ৰবীন শইকীয়াই মাতৃভাষাক জীয়াই ৰাখিবলৈ ছাত্ৰ সমাজক আহ্বান জনায়। ছাত্ৰী ছাত্ৰ-ছাত্ৰীসকলেও মাতৃভাষাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।শেষত অস্থায়ী অধ্যাপিকা শিখামণি দেৱীয়ে শলাগৰ শৰাই আগবঢ়াই আৰু সভাৰ কাম সামৰণি মৰা হয়।