Activities of Department of Assamese

Title: - Educational Tour to Kolkata-odissa
Start Date - 2017-12-05   End Date - 2017-12-14   Duration - 10 days.
Nature of the Activity: - Academic Activity
Summary: -

অসমীয়া বিভাগৰ কলকাতা-উৰিষ্যা শিক্ষামূলক ভ্ৰমণৰ প্ৰতিবেদন

তাৰিখ-০৫-১২-২০১৭ ৰ পৰা ১৪-১২-২০১৭

অসমীয়া বিভাগৰ ১০ গৰাকী ছাত্ৰী শিক্ষামূলক ভ্ৰ্ৰমণৰ বাবে কলকাতা আৰু উৰিষ্যালৈ যাত্ৰা আৰম্ভ কৰে ০৫-১২-২০১৭ তাৰিখে৷  তত্বাৱধায়ক হিচাপে বিভাগীয় প্ৰধান অধ্যাপক কেশৱ হাজৰিকা আৰু অধ্যাপিকা ডঙ্ম কৰবী গগৈ যায়৷ ০৫-১২-২০১৭ ৰ পৰা ১৪-১২-২০১৭  তাৰিখলৈকে দলটিয়ে প্ৰথমে উৰিষ্যা আৰু পিছত কলকাতা ভ্ৰমণ কৰে৷ ভ্ৰমণৰ খতিয়ান চমুকৈ উল্লেখ কৰা হ’ল---

৫-১২-২০১৭ তাৰিখে দিনৰ প্ৰায় দহ বজাত মহাবিদ্যালয়ৰ চৌহদৰপৰা মৰিয়নী ৰেল ষ্টেচনলৈ গৈ দিনৰ ২.১৫ বজাত ৰেলত যাত্ৰা আৰম্ভ হয়৷ 

৭-১২-২০১৭ তাৰিখে ৰাতিপুৱা ৪.৩০ বজাত পুৰী ষ্টেচনত নামি প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ সাগৰ তীৰত থকা হোটেলত উপস্থিত হয়৷ সেইদিনা পুৱা ১০.০০ মান বজাত পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰ চোৱা হয়৷ মন্দিৰৰ পৰা অহাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি তেনেই কাষতে থকা সাগৰ দেখুৱাবলৈ লৈ যোৱা হয়৷ তাৰ পিছত সন্ধ্যা সময়ত জগন্নাথ মন্দিৰৰ ওচৰে পাজৰে থকা অন্যান্য মন্দিৰসমূহ দেখুওৱা হয়৷ তাৰ পিছত গ’ল্ডেন বীচলৈ যোৱা হয়৷

৮-১২-২০১৭ তাৰিখে পুৱাতে উৰিষ্যাৰ বিখ্যাত  ভূৱনেশ্বৰ অভিমুখে দলটো ৰাওনা হয়৷ ভূৱনেশ্বৰত প্ৰথমে ধৱলগিৰি পাহাৰৰ বৌদ্ধ স্তূপ আৰু বিখ্যাত কলিংগ যুদ্ধৰ যুদ্ধভূমি দেখুওৱা হয়৷ ইয়াৰ পিছতে লিংগৰাজ মন্দিৰ, খণ্ডগিৰি আৰু উদয়গিৰি পাহাৰৰ গুহাসমূহ দেখুওৱা হয়৷ তাৰ পিছত ভূৱনেশ্বৰৰ বিখ্যাত জুলজিকেল গাৰ্ডেন ‘নন্দন কানন’লৈ যোৱা হয়৷ এজন বন বিভাগৰ গাইড লগত লৈ গাৰ্ডেনত জীৱ-জন্তুবোৰ চাই, জানি দুঘণ্টাতকৈও অধিক সময় কটাই এইবাৰ কোণাৰ্কৰ সূৰ্য মন্দিৰলৈ যাত্ৰা আৰম্ভ হ’ল৷ ইয়াতো এজন স্থানীয় গাইড লগত লৈ সূৰ্য মন্দিৰৰ বিশেষত্ববোৰ জানি সকলোৱে মন্দিৰৰ সৌন্দৰ্য উপভোগ কৰিলে৷ পুৱাৰপৰা সন্ধ্যালৈকে ভূৱনেশ্বৰত ফুৰি দলটো পুনৰ পুৰীৰ হোটেল অভিমুখে ৰাওনা হ’ল৷

৯-১২-২০১৭ তাৰিখে পুৱাৰ আহাৰ গ্ৰহণ কৰি  দলটোৱে চিল্কা হ্ৰদ চাবৰ বাবে যাত্ৰা আৰম্ভ কৰে৷ চিল্কা হ্ৰদত  হ্ৰদ সংযোগ হোৱা সাগৰৰ পাৰলৈ যোৱা হ’ল৷ চিল্কা হ্ৰদৰ পৰা ঘূৰি আহি পুৰীৰ গ’ল্ডেন বীচত ফুৰি হোটেল সোমালহি৷

১০-১২-২০১৭ তাৰিখে পুৱা পুৰীৰপৰা কলকাতালৈ যাত্ৰা আৰম্ভ কৰি দুপৰীয়া এক মান বজাত কলকাতাত উপস্থিত হয়৷ দিনৰ দুইমান বজাত সকলোৱে নিউ মাৰ্কেটত এনেয়ে এপাক ফুৰি আহে৷

১১-১২-২০১৭ তাৰিখে পুৱা ৯.৩০ বজাত ‘নেচনেল লাইেব্ৰৰী’লৈ যোৱা হয়৷ শিক্ষাথ¹সকলৰ বাবে অতি  গুৰুত্বপূৰ্ণ আৰু জ্ঞানগৰ্ভ এই লাইেব্ৰৰীত প্ৰায় চাৰে তিনি ঘণ্টা কেনেকৈ পাৰ হ’ল শিক্ষাথ¹সকলে গমেই নাপালে আৰু¸ বহুত দেৰি থাকিলেও আমনি নালাগে বুলি ছাত্ৰীসকলে উল্লেখ কৰিছিল৷ নেচনেল লাইেব্ৰৰীৰপৰা ‘চাইন্স চিটি’লৈ যোৱা হয়৷ তাত বিজ্ঞানৰ বিভিন্ন কলা কৌশল , জীৱ সৃষ্টিৰ কাহিনী আদি চাই এইবাৰ বিখ্যাত ‘কলেজ ষ্ট্ৰীট’লৈ যাত্ৰা আৰম্ভ হ’ল৷ কলেজ ষ্ট্ৰীটত থকা প্ৰেচিডেন্সি কলেজ, কিতাপৰ বজাৰ চাই , কিতাপ কিনি  বিখ্যাত ‘কফি হাউচ’ত একাপ একাপ কফিৰ সোৱাদ লৈ পুনৰ হোটেললৈ যোৱা হয়৷

১২-১২-২০১৭ তাৰিখে প্ৰথমে ‘ভিক্টোৰিয়া মেমৰিয়েল’লৈ যোৱা হয়৷ তাত সংৰক্ষিত সামগ্ৰী, ইতিহাস আদি দৰ্শন কৰি ডেৰঘণ্টামান  কটোৱাৰ পিছত ‘ভিক্টোৰিয়া মেমৰিয়েল’ৰ ওচৰতে থকা ‘চেইণ্ট পল চাৰ্চ’, আৰু ‘বিৰলা প্লেনেটেৰিয়াম’ চোৱা হয়৷ ইয়াৰ পিছতে ‘ইণ্ডিয়ান মিউজিয়াম’লৈ যোৱা হয়৷ মিউজিয়ামত প্ৰায় চাৰিঘণ্টা সময় বিভিন্ন চিত্ৰকলা, জীৱাশ্ম, মূৰ্তি, মিছৰৰ মামী আদি চাই দিনটোৰ ভ্ৰমণ সামৰা হয়৷

১৩-১২-২০১৭ তাৰিখে হুগলী নৈৰ পাৰত অৱস্থিত ‘বেলুড. মঠ’লৈ প্ৰথমে যোৱা হ’ল৷ ৰামকৃষ্ণ পৰমহংসৰ মন্দিৰ, স্বামী বিবেকানন্দৰ বাসগৃহ-সমাধি, আদি চাই দক্ষিণেশ্বৰ কালী মন্দিৰ দৰ্শন কৰা হয়৷ তাৰ পিছতেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ‘আচাৰ্য জগদীশ চন্দ্ৰ বোস বটানিকেল গাৰ্ডেন’লৈ যোৱা হ’ল৷ বটানিকেল গাৰ্ডেনৰপৰা প্ৰায় চাৰি বজাত হাওৰা ষ্টেচনলৈ যোৱা হয়৷ ষ্টেচনতে থকা কেণ্টিনত সুন্দৰকৈ ৰাতিৰ  আহাৰ গ্ৰহণ কৰি জ্জ্ব.৩০ বজাত অসমলৈ বুলি ট্ৰেইনত যাত্ৰা আৰম্ভ হ’ল৷

১৪-১২-২০১৭ তাৰিখে ৰাতি দুই বজাত মৰিয়নী ষ্টেচনত নামি আগতেই ঠিক কৰি থোৱা বাচেৰে আহি পুৱা ৩.৩০ বজাত  পুনৰ মহাবিদ্যালয় চৌহদত উপস্থিত হয়৷