Activities of Department of Assamese

Title: - Chutiasakalar Utsav-Parvan : Ek Barnanatmak Adhyayan
Start Date - 2021-06-01   End Date - 2021-12-30   Duration - 8 days.
Nature of the Activity: - Research Project
Summary: -
‘‘চুতীয়াসকলৰ উৎসৱ-পাৰ্বণ ঃ এক বৰ্ণনাত্মক অধ্যয়ন [যোৰহাট জিলাৰ টীয়কৰ পীড়াকটা ভৰলুৱা গাঁৱৰ আধাৰত]’’ শীৰ্ষক বিষয়ৰ প্ৰকল্পটি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অৰ্চনা কোঁৱৰৰ তত্ত্বাৱধানত ২০২২ চনত সম্পাদন কৰা হয়৷ মুখ্য অনুসন্ধানকাৰী দায়িত্ব পালন কৰিছিল অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী দ্বীপশিখা বৰা আৰু নিৰুৎপল গগৈয়ে৷ প্ৰকল্পৰ তথ্যৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ গৱেষণা পত্ৰখন মুঠ ছটা অধ্যায়ত বিভক্ত৷ অধ্যায়সমূহ হ’ল ঃ অৱতৰণিকা, চুতীয়া জনগোষ্ঠী আৰু ভাষিক পৰিচয়, চুতীয়াসকলৰ পৰম্পৰাগত উৎসৱ-পাৰ্বণ, চুতীয়াসকলৰ সাজপাৰ, আ-অলংকাৰ, খাদ্যাভাস, বাদ্যযন্ত্ৰ, গৃহনিৰ্মাণ, খেল-ধেমালি আৰু লোক-ঔষধ, পীড়াকটা ভৰলুৱা গাঁও ঃ পৰিচয় আৰু উপসংহাৰ৷ ক্ষেত্ৰভিত্তিক সম্পাদন কৰা প্ৰকল্পটোৱে চুতীয়া জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণৰ পৰিচয় পৰিস্ফূট কৰিছে৷ অৱতৰণিকা অধ্যায়ত অধ্যয়নৰ পৰিচয়, অধ্যয়নৰ উদ্দেশ্য, অধ্যয়নৰ গুৰুত্ব, অধ্যয়নৰ পৰিসৰ, অধ্যয়নৰ পদ্ধতি, পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা; প্ৰথম অধ্যায়ত চুতীয়াসকলৰ নৃগোষ্ঠীগত পৰিচয়, চুতীয়াসকলৰ ভাষা আৰু জনসংখ্যা, চুতীয়াসকলৰ ধৰ্মীয় দিশ; দ্বিতীয় অধ্যায়ত চুতীয়াসকলৰ ঋতুকালীন কৃষি উৎসৱ, ধৰ্মীয় কৃত্যৰ লগত জড়িত উৎসৱ-পাৰ্বণ, পঞ্জিকা আশ্ৰয়ী উৎসৱ-পাৰ্বণ, তৃতীয় অধ্যায়ত চুতীয়াসকলৰ পুৰুষৰ সাজপাৰ, আ-অলংকাৰ, মহিলাৰ সাজপাৰ, আ-অলংকাৰ, খাদ্যাভাস, বাদ্যযন্ত্ৰ, গৃহনিৰ্মাণ, খেল-ধেমালি আৰু লোক-ঔষধ; চতুৰ্থ অধ্যায়ত পীড়াকটা ভৰলুৱা গাঁৱৰ ইতিহাস, জীৱনশৈলী, ভাষিক স্থিতি, পীড়াকটা ভৰলুৱা গাঁৱৰ উৎসৱ-পাৰ্বণ; উপসংহাৰত গৱেষণা প্ৰকল্পটোৰপৰা প্ৰাপ্ত ১১ টা সিদ্ধান্ত উল্লেখ কৰিছে৷ লগতে ভৱিষ্যৎ অধ্যয়নৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷ পৰিশিষ্টত তথ্যদাতাৰ তালিকা, বিষয় সম্বন্ধীয় আলোকচিত্ৰ সন্নিৱিষ্ট কৰিছে৷