Activities of Department of Assamese

Title: - জ্ঞানপ্ৰৱাহ - শব্দশক্তি (Shabdashakti) প্ৰথম দিন , প্ৰথম অধিৱেশন (JNAN PRAVAH, day-1, Session -1)
Start Date - 2021-07-26   End Date - 2021-07-26   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত  দহদিনীয়া অতিথি অধ্যাপকৰ অনলাইন পাঠদান অনুষ্ঠান  জ্ঞান-প্ৰৱাহৰ প্ৰথম দিনাৰ প্ৰথমটি বক্তৃতা প্ৰদান কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক  ড০ গৌতম কাকতিয়ে। বিষয়ঃ শব্দশক্তি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহািবদ্যালয়সমূহৰ অসমীয়া  বিভাগৰ স্নাতক শ্ৰেণীৰ  অসমীয়া সন্মান বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান-প্ৰৱাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰথম দিনাৰ প্ৰথমটি অধিবেশনত ১০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । শব্দশক্তিৰ বিষয়ে সাৱলীল ভাবে উদাহৰণসহ বিষযটি অতি আকৰ্ষণীয়কৈ সমল ব্যক্তিগৰাকীয়ে উপস্থাপন কৰে। প্ৰশ্নোত্তৰ শিতানত ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো সুন্দৰকৈ বুজি পোৱা বুলি উল্লেখ কৰে। অসমীয়া বিভাগৰ অধ্য়াপিকা জ্ঞান-প্ৰৱাহ অনুষ্ঠানৰ সমন্বয়ক  ড০ কৰবী গগৈয়ে আঁত ধৰা অনুষ্ঠানিটত আদৰণী ভাষণ আগবঢ়ায় অধ্যািপকা অৰ্চনা কোঁৱৰে। অধিবেশনৰ সামৰণীত সহ-সমন্বয়ক অধ্যাপক ড০ জয়ন্ত পাঠকে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই প্ৰথম অধিবেশনৰ সামৰণী ঘোষণা কৰে।