Activities of Department of Assamese

Title: - Workshop on "Arthography of Assamese Language"
Start Date - 2022-05-31   End Date - 2022-05-31   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
 চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ সাহিত্য চ'ৰা আৰু অসমীয়া বিভাগৰ যৌথ উদ্যোগত ৩১/০৫/২০২২ তাৰিখে অসমীয়া ভাষাৰ আখৰ-জোঁটনিৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়। সাহিত্য চ'ৰাৰ সভাপতি তথা ইংৰাজী বিভাগৰ মুৰব্বী ড° ময়ূৰী চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তিৰূপে অংশ লয় দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° মণিকা চুতীয়াই। দৃশ্য-শ্ৰব্য মাধ্যমেৰে অসমীয়া ভাষাৰ আখৰ-জোঁটনি সম্পৰ্কে ড° মণিকা চুতীয়াই ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰে। সাহিত্য চ'ৰাৰ সম্পাদক তথা অসমীয়া বিভাগৰ মুৰব্বী ড° কৰবী গগৈয়ে আঁত ধৰা কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আখৰ-জোঁটনিৰ ব্যৱহাৰিক পৰীক্ষাও অনুষ্ঠিত হয়। কৰ্মশালাখনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। কৰ্মশালাৰ অন্তত অংশগ্ৰহণকাৰীসকেল যথেষ্ট উপকৃত হোৱা বুলি অনুভৱ প্ৰকাশ কৰে। কৰ্মশালাখনিত ইংৰাজী বিভাগৰ  বিভাগৰ সহযোগী অধ্যাপক য়াচমিন খান, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অৰ্চনা কোঁৱৰ, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত পাঠক, ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড° অম্বুজ ঠাকুৰ উপস্থিত থাকে।
  
সমল ব্যক্তিক আদৰণি জনোৱাৰ মুহূৰ্তত