Activities of Department of Assamese

Title: - Educational tour to Namphake Gaon, Naharkatia
Start Date - 2018-03-30   End Date - 2018-03-30   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
[ৰ] ভ্ৰমণৰ উদ্দেশ্য-
অসমীয়া মেজৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃ-গোষ্ঠীয় লোকসকলৰ ভাষা-সাহিত্য-সংস্কৃতি সম্পৰ্কে অধ্যয়ন কৰিব লাগে৷ পাঠ্যক্ৰমৰ লগত সংগতি থকা এটা ভাষা পৰিয়াল হ’ল চীন তিব্বতীয় ভাষা পৰিয়াল৷ এই ভাষা পৰিয়ালৰে অন্তৰ্গত এটি ভাষা হ’ল ফাকে ভাষা৷ ফাকে ভাষা-ভাষী লোকসকল তিনিচুকীয়া আৰু ডিব্ৰুগড. জিলাৰ মুঠ জ্ঝ খন গাঁৱত বসবাস কৰে৷ ডিব্ৰুগড. জিলাত দুখন ফাকে গাঁও আছে- নাহৰকটীয়া অঞ্চলত নামফাকে গাঁও আৰু জয়পুৰ অঞ্চলত টিপাম ফাকে গাঁও৷ ফাকে লোকসকলৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰাই এই শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্য৷
[২] ভ্ৰমণৰ বাবে যোৱা স্থানৰ গুৰুত্ব
         তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড. জিলাত বসবাস কৰা ফাকে লোকসকলৰ গাঁওসমূহৰ ভিতৰত নাহৰকটীয়াৰ নামফাকে গাঁওখনেই বৃহত্তম গাঁও৷ নামফাকে গাঁৱত ফাকে লোকসকলৰ ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা অব্যাহত আছে বাবে ফাকে লোকসকলৰ এই বৃহত্তম গাঁওখনৰ গুৰুত্ব আছে৷ 
[৩] নামফাকে গাঁৱৰ অধ্যয়নৰ পৰা হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা
         নামফাকে গাঁৱৰ শিক্ষামূলক ভ্ৰমণৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ভালেমান তথ্য তথা জ্ঞান আহৰণ কৰে৷ সেই দিশসমূহ--
         [ক] ফাকে লোকসকল যিহেতু বৌদ্ধ ধৰ্মাৱলম্বী৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বৌদ্ধ ধম¹য় পৰম্পৰা, ৰীতি-নীতি সম্পৰ্কে তথ্য আহৰণ কৰে৷
         [খ] নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰত প্ৰায় ১০০০ গ্ৰন্থ সংৰক্ষণ কৰি ৰাখিছে৷ ইয়াৰ ভিতৰত ২০০ বছৰ পুৰণি এখন গ্ৰন্থ দেখিবলৈ পায়৷ এই গ্ৰন্থখন ১৭৭৫ চনত লিখা৷
       [গ] পাঠ্যক্ৰমত অধ্যয়ন কৰোঁতে সুৰপ্ৰধান ভাষা বুলি জনা ফাকে ভাষাত একেটা শব্দৰে সুৰ অনুসৰি পাঁচটা অৰ্থ কেনেদৰে হয় সেইটো স্পষ্ট ৰূপত তথ্য আহৰণ কৰিলে৷
       [ঘ] সাংস্কৃতিক দিশত ফাকে সমাজৰ সাজপাৰ, খাদ্যাভাস, বিবাহৰ পৰম্পৰা, সমাজ ব্যৱস্থা আদি দিশবোৰৰ বিষয়ে ভালেমান তথ্য আহৰণ কৰে৷

        অসমীয়া বিভাগৰ এই শিক্ষামূলক ভ্ৰমণে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিলে বুলি ক’ব পাৰি৷

  
12
  
4