Activities of Department of Assamese

Title: - Asamar Nepalisakalar Utsav-Anushthat : Ek Barnanatmak Adhyayan
Start Date - 2020-05-01   End Date - 2020-12-01   Duration - 6 days.
Nature of the Activity: - Research Project
Summary: -
  ‘‘অসমৰ নেপালীসকলৰ উৎসৱ-অনুষ্ঠান ঃ এক বৰ্ণনাত্মক অধ্যয়ন [যোৰহাট জিলাৰ টীয়কৰ ঔগুৰি নেপালী গাঁৱৰ আধাৰত]’’ শীৰ্ষক বিষয়ৰ প্ৰকল্পটি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড॰ কৰবী গগৈৰ তত্ত্বাৱধানত ২০২০ চনত সম্পাদন কৰা হয়৷ মুখ্য অনুসন্ধানকাৰী দায়িত্ব পালন কৰিছিল অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী মৌকঁুহি বৰুৱা আৰু ববিতা শইকীয়াই৷ প্ৰকল্পৰ তথ্যৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ গৱেষণা পত্ৰখন মুঠ পাঁচটা অধ্যায়ত বিভক্ত৷ অধ্যায়সমূহ হ’ল ঃ অৱতৰণিকা, নেপালীসকলৰ পৰিচয়, নেপালীসকলৰ পৰম্পৰাগত উৎসৱ-অনুষ্ঠান, ঔগুৰি নেপালী গাঁও ঃ পৰিচয়, ঔগুৰি নেপালী গাঁৱৰ উৎসৱ-অনুষ্ঠান আৰু উপসংহাৰ৷ ক্ষেত্ৰভিত্তিক সম্পাদন কৰা প্ৰকল্পটোৱে নেপালীসকলৰ উৎসৱ-অনুষ্ঠানৰ পৰিচয়, পৰম্পৰাৰ স্বৰূপ পৰিস্ফূট কৰিছে৷ অৱতৰণিকা অধ্যায়ত বিষয়ৰ পৰিচয়, অধ্যয়নৰ উদ্দেশ্য, অধ্যয়নৰ গুৰুত্ব, অধ্যয়নৰ পৰিসৰ, অধ্যয়নৰ পদ্ধতি, তথ্য আহৰণৰ উৎস, পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা, গৱেষণা প্ৰমেয়; প্ৰথম অধ্যায়ত নেপালীসকলৰ পৰিচয়, অসমত বসতিৰ ইতিহাস, অসমত বাসস্থান, জনসংখ্যা; দ্বিতীয় অধ্যায়ত নেপালীসকলৰ কৃষিভিত্তিক উৎসৱ-অনুষ্ঠান, পঞ্জিকা আশ্ৰয়ী উৎসৱ-অনুষ্ঠান, ধৰ্মীয় উৎসৱ-অনুষ্ঠান, জীৱনবৃত্তৰ লগত জড়িত উৎসৱ-অনুষ্ঠান; তৃতীয় অধ্যায়ত ঔগুৰি নেপালী গাঁৱৰ ইতিহাস, জীৱন শৈলী, ভাষিক স্থিতি; চতুৰ্থ অধ্যায়ত ঔগুৰি নেপালী গাঁৱৰ উৎসৱ-অনুষ্ঠান; উপসংহাৰত গৱেষণা প্ৰকল্পটোৰপৰা প্ৰাপ্ত ১৬ টা সিদ্ধান্ত উল্লেখ কৰিছে আৰু ভৱিষ্যৎ অধ্যয়নৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷ পৰিশিষ্টত সমল ব্যক্তি, অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ নাম তালিকা, প্ৰশ্নসূচীৰ আৰ্হি আৰু নেপালীসকলৰ উৎসৱ-অনুষ্ঠান তথা ক্ষেত্ৰ অধ্যয়নৰ আলোকচিত্ৰ সন্নিৱিষ্ট কৰিছে৷