Activities of Department of Assamese

Title: - chah Janajosthir Utsav-Parvan : Parampara aru Paribartan
Start Date - 2019-04-01   End Date - 2019-08-05   Duration - 8 days.
Nature of the Activity: - Research Project
Summary: -
‘‘চাহ জনগোষ্ঠীৰ লোকউৎসৱ ঃ পৰম্পৰা আৰু পৰিৱৰ্তন [এক ক্ষেত্ৰভিত্তিক অধ্যয়ন]’’ শীৰ্ষক বিষয়ৰ প্ৰকল্পটি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অৰ্চনা কোঁৱৰে ২০১৯ চনত সম্পাদন কৰে৷ প্ৰকল্পৰ তথ্যৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ গৱেষণা পত্ৰখন মুঠ পাঁচটা অধ্যায়ত বিভক্ত৷ অধ্যায়সমূহ হ’ল ঃ অৱতৰণিকা, চাহ জনগোষ্ঠীৰ পৰিচয়, চাহ জনগোষ্ঠীসকলৰ আৰ্থ-সামাজিক দিশসমূহৰ অধ্যয়ন, চাহ জনগোষ্ঠীসকলৰ লোক-উৎসৱ, চাহ জনগোষ্ঠীসকলৰ লোকউৎসৱৰ পৰিৱৰ্তন আৰু উপসংহাৰ৷ ক্ষেত্ৰভিত্তিক সম্পাদন কৰা প্ৰকল্পটোৱে চাহ জনগোষ্ঠীৰ লোকউৎসৱৰ পৰিচয়, পৰম্পৰাৰ স্বৰূপ প্ৰকাশ কৰাৰ লগতে লোকউৎসৱলৈ অহা পৰিৱৰ্তনক পৰিস্ফূট কৰিছে৷ অৱতৰণিকা অধ্যায়ত বিষয়ৰ পৰিচয়, পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা, গৱেষণা প্ৰমেয়, অধ্যয়নৰ পৰিসৰ, অধ্যয়নৰ পদ্ধতি, তথ্য আহৰণৰ উৎস, অধ্যয়নৰ গুৰুত্ব, অধ্যায় বিভাজন, মূল সিদ্ধান্তসমূহ; প্ৰথম অধ্যায়ত চাহ জনগোষ্ঠী আৰু ভাষাৰ পৰিচয়, চাহ জনগোষ্ঠীসকলৰ প্ৰব্ৰজন, বাসস্থান, জনসংখ্যা; দ্বিতীয় অধ্যায়তচাহ জনগোষ্ঠীসকলৰ আৰ্থ-সামাজিক দিশসমূহৰ অধ্যয়নত নমুনাকৃত ঘৰসমূহৰ জনসংখ্যা, শিক্ষাগত প্ৰস্থিতি, জীৱিকা; তৃতীয় অধ্যায়ত চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ-অনুষ্ঠান, লোকপৰম্পৰাভিত্তিক উৎসৱ-অনুষ্ঠান, প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে কৰা পূজা-পাতল; চতুৰ্থ অধ্যায়ত চাহ জনগোষ্ঠীৰ লোকউৎসৱৰ সাংস্কৃতিক ক্ষেত্ৰ, খাদ্যাভাস, লোকবাদ্য, সাজপাৰ আদিলৈ অহা পৰিৱৰ্তন, নব্য মাধ্যমৰ আগমন; উপসংহাৰত গৱেষণা প্ৰকল্পটোৰপৰা প্ৰাপ্ত ১০ টা সিদ্ধান্ত উল্লেখ কৰিছে৷ লগতে গৱেষণা-কৰ্মৰ কাৰ্যকাৰিতা, ভৱিষ্যৎ অধ্যয়নৰ ক্ষেত্ৰ, চাহ জনগোষ্ঠীৰ লোকউৎসৱ-পাৰ্বণৰ ভৱিষ্যৎ আৰু লোকউৎসৱলৈ অহা প্ৰত্যাহ্বানসমূহ ব্যক্ত কৰিছে৷