Activities of Department of Assamese

TitleDetails
Title: Inter Departmental Research Project on the topic 'A Study of the Historical Monuments of Kaliapani Development Block (Jorhat)' was submitted by the Department of History and Department of Assamese, C.K.B. College, Teok.
Start Date: 2020-12-01   End Date: 2020-12-01   Duration: 1 days
Nature of the Activity: Research Project
Summary:   ‘‘কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহ ঃ এক পৰিচয়মূলক আলোচনা’’ শীৰ্ষক বিষয়ৰ আন্তঃবিভাগীয় প্ৰকল্পটি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অৰ্চনা কোঁৱৰ আৰু বুৰঞ্জী বিভাগৰ মুৰব্বী ড॰ বিকাশ নাথৰ তত্ত্বাৱধানত ২০২০ চনত সম্পাদন কৰা হয়৷ মুখ্য অনুসন্ধানকাৰী দায়িত্ব পালন কৰিছিল অসমীয়া বিভাগৰ ষণ্ঠ ষান্মাসিকৰ ছাত্ৰ তন্ময় গগৈ, পৰীস্মিতা শইকীয়া আৰু বুৰঞ্জী বিভাগৰ ৰাজপল বৰুৱা আৰু জয়শ্ৰী গগৈয়ে৷ প্ৰকল্পৰ তথ্যৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ গৱেষণা পত্ৰখন মুঠ ছটা অধ্যায়ত বিভক্ত৷ অধ্যায়সমূহ হ’ল ঃ অৱতৰণিকা, অসমৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ ঃ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, টীয়ক ঃ এক পৰিচয়মূলক আলোচনা, কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ পৰিচয়মূলক আলোচনা, কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহ ঃ সংকট আৰু সম্ভাৱনা আৰু উপসংহাৰ৷ ক্ষেত্ৰভিত্তিক সম্পাদন কৰা প্ৰকল্পটোৱে কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ পৰিচয় আৰু সংকট আৰু সম্ভাৱনা পৰিস্ফূট কৰিছে৷ অৱতৰণিকা অধ্যায়ত গৱেষণাৰ বিষয় আৰু পৰিসৰ, গৱেষণাৰ গুৰুত্ব আৰু উদ্দেশ্য, গৱেষণা পদ্ধতি আৰু পূৰ্বকৃত সাহিত্য অধ্যয়ন; প্ৰথম অধ্যায়ত অসমৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা; দ্বিতীয় অধ্যায়ত টীয়কৰ পৰিচয়মূলক আলোচনা; তৃতীয় অধ্যায়ত কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ পৰিচয়মূলক আলোচনাত কটাৰীখাম গড়, চিন্তামণিগড়, চিন্তামণিগড়ৰ ইটাৰ গম্বুজ, জাঁজীমুখৰ ইটাৰ গম্বুজ, বামুণপুখুৰী, বনমালি ছিগা পুলৰ বিষয়ে; চতুৰ্থ অধ্যায়ত কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংকট আৰু সম্ভাৱনা আৰু উপসংহাৰত গৱেষণা প্ৰকল্পটোৰপৰা প্ৰাপ্ত ১০ টা সিদ্ধান্ত উল্লেখ কৰিছে৷ পৰিশিষ্টত ক্ষেত্ৰ অধ্যয়নত অংশগ্ৰহণ কৰা অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা, বুৰঞ্জী বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা, কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ আলোকচিত্ৰ সন্নিৱিষ্ট কৰিছে৷
Activity Image
Activity Image