Activities of Department of Assamese

TitleDetails
Title: Missing Sakalar Samaj-Sanskritir Parampara aru Paribartan : Ek Kshetrabhittik Adhyayan (মিচিংসকলৰ সমাজ-সংস্কৃতিৰ পৰম্পৰা আৰু পৰিবৰ্তন ঃ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন)
Start Date: 2018-01-01   End Date: 2018-11-30   Duration: 11 days
Nature of the Activity: Research Project
Summary:  ‘‘মিচিংসকলৰ সমাজ-সংস্কৃতিৰ পৰম্পৰা আৰু পৰিৱৰ্তন ঃ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন [জগদুৱাৰ ভোমোৰাগুৰি মিচিং গাঁও আৰু চিৰাম মিচিং গাঁও, ২ নং কাৱৈমাৰী বনৰীয়া মিচিং গাঁৱৰ আধাৰত]’’ শীৰ্ষক বিষয়ৰ প্ৰকল্পটি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড॰ কৰবী গগৈয়ে ২০১৮ চনত সম্পাদন কৰে৷ প্ৰকল্পৰ তথ্যৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ গৱেষণা পত্ৰখন মুঠ আঠটা অধ্যায়ত বিভক্ত৷ অধ্যায়সমূহ হ’ল ঃ অৱতৰণিকা, মিচিং জনজাতি আৰু ভাষাৰ পৰিচয়, মিচিংসকলৰ সমাজ আৰু সংস্কৃতি, মিচিংসকলৰ ভাষা আৰু সাহিত্য, মিচিংসকলৰ জীৱিকা আৰু অৰ্থনৈতিক স্বাৱলম্বিতা, মিচিংসকলৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাসমূহৰ পৰিৱৰ্তন, ক্ষেত্ৰ অধ্যয়নৰ বিশ্লেষণ আৰু উপসংহাৰ৷ ক্ষেত্ৰভিত্তিক সম্পাদন কৰা প্ৰকল্পটোৱে মিচিং সমাজ আৰু সংস্কৃতি পৰিচয়, পৰম্পৰাৰ স্বৰূপ প্ৰকাশ কৰাৰ লগতে মিচিং সমাজ আৰু সংস্কৃতিলৈ অহা পৰিৱৰ্তনক পৰিস্ফূট কৰিছে৷ অৱতৰণিকা অধ্যায়ত বিষয়ৰ পৰিচয়, অধ্যয়নৰ উদ্দেশ্য, অধ্যয়নৰ গুৰুত্ব, অধ্যয়নৰ পৰিসৰ, অধ্যয়নৰ পদ্ধতি, তথ্য আহৰণৰ উৎস, পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা, গৱেষণা প্ৰমেয়; প্ৰথম অধ্যায়ত মিচিংসকলৰ নৃগোষ্ঠীগত পৰিচয়, মিচিংসকলৰ প্ৰব্ৰজন, বাসস্থান, জনসংখ্যা, মিচিংসকলৰ ভাষিক পৰিচয়; দ্বিতীয় অধ্যায়ত মিচিংসকলৰ ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠান, মিচিংসকলৰ বিবাহ পদ্ধতি, মিচিংসকলৰ লোক উৎসৱ, মিচিংসকলৰ লোকবিশ্বাস আৰু লোকাচাৰ, মিচিংসকলৰ সংগীত, মিচিংসকলৰ সাজপাৰ, মিচিংসকলৰ আ-অলংকাৰ, মিচিংসকলৰ থলুৱা শিল্প আৰু দৈনন্দিন ব্যৱহৃত সামগ্ৰী, খাদ্যাভাস; তৃতীয় অধ্যায়ত মিচিংসকলৰ ভাষা আৰু সাহিত্য; চতুৰ্থ অধ্যায়ত মিচিংসকলৰ জীৱিকা আৰু অৰ্থনৈতিক স্বাৱলম্বিতা; পঞ্চম অধ্যায়ত ধৰ্মীয় ক্ষেত্ৰত পৰিৱৰ্তন, বিবাহ পদ্ধতিৰ ক্ষেত্ৰত পৰিৱৰ্তন, লোক উৎসৱত হোৱা পৰিৱৰ্তন, লোকবিশ্বাস আৰু লোকাচাৰসমূহৰ পৰিৱৰ্তন, সাজপাৰৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন, আ-অলংকাৰৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন, দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰ পৰিৱৰ্তন, খাদ্যাভাসত হোৱা পৰিৱৰ্তন; ষষ্ঠ অধ্যায়ত ক্ষেত্ৰ অধ্যয়নৰ বিশ্লেষণত জগদুৱাৰ ভোমোৰাগুৰি মিচিং গাঁও আৰু চিৰাম মিচিং গাঁও আৰু ২ নং কাৱৈমাৰী বনৰীয়া মিচিং গাঁৱৰ পৰিচয় দাঙি ধৰি গাঁও তিনিখনত বসবাস কৰা মিচিংসকলৰ জীৱনশৈলী, ধৰ্মীয় দিশ, উৎসৱ, বিবাহ উৎসৱ, থলুৱা শিল্প, খাদ্যাভাস, ভাষিক স্থিতি, জীৱন আৰু অৰ্থনৈতিক স্বাৱলম্বিতা বিশ্লেষণ কৰি পাৰিসংখ্যিক চিত্ৰ সংযুক্ত কৰিছে৷ উপসংহাৰত গৱেষণা প্ৰকল্পটোৰপৰা প্ৰাপ্ত ২৩ টা সিদ্ধান্ত উল্লেখ কৰিছে আৰু ভৱিষ্যৎ অধ্যয়নৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷
Activity Image
Activity Image
12