Activities of Department of Assamese

Title: - Matribhasha Divas
Start Date - 2018-03-21   End Date - 2018-03-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -

Department of Assamese organized International Matribhasa Divas on 21-02-2018.   Dr. Bijoy Krishna Pachani, 

Principal, C.K.B.College,Teok delivered a speech on  International Matribhasa Divas. Vice Principal  Mamoni 

Gogoi(Baruah) inaugurated the departmental wall magazine "SRIJANEE" on the occasion of Matribhasa Divas.


 ইংৰাজী ২১-০২-২০১৮ তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে “মাতৃভাষা দিৱস” উদ্‌যাপন কৰে৷ ৷ মাতৃভাষা দিৱস উপলক্ষে বিভাগৰ প্ৰাচীৰ পত্ৰিকা “সৃজনী”ৰ উন্মোচনকৰা হয়৷ উন্মোচন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা মামণি গগৈ বৰুৱা মহোদয়াই৷ মাতৃভাষা দিৱস উপলক্ষে এখন সভাৰ আয়োজন কৰা হয়৷ সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঙ্ম বিজয় কৃষ্ণ পাচনী মহোদয়, উপাধ্যক্ষা মামণি গগৈ বৰুৱা মহোদয়া, বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমীয়া বিভাগৰ সমূহ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ বিভাগৰ অধ্যাপিকা ডঙ্ম কৰবী গগৈয়ে সকলোকে সম্ভাষণ জনাই ‘মাতৃভাষা দিৱস’ পালনৰ পৃষ্ঠভূমি সম্পৰ্কে দুআষাৰ কৈ সভাৰ আৰম্ভণি কৰে৷ ইয়াৰ পিছতে অধ্যক্ষ মহোদয় আৰু উপাধ্যক্ষা মহোদয়াক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷ আদৰণিৰ পিছতে অধ্যক্ষ মহোদয়ে মাতৃভাষা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ বক্তৃতা প্ৰসংগত তেখেতে বিশ্বৰ বিভিন্ন উন্নত দেশৰ উদাহৰণ দাঙি ধৰি সেই দেশসমূহত মাতৃভাষাৰ গুৰুত্বৰ কথা উল্লেখ কৰি সকলোকে মাতৃভাষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰিবলৈ আহ৩ান জনায়৷ অধ্যক্ষ মহোদয়ৰ সাৰগৰ্ভ বক্তৃতা প্ৰদানৰ পিছতে উপাধ্যক্ষা মহোদয়াই মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে বিভিন্ন তথ্যৰে সমৃদ্ধ বক্তৃতা প্ৰদান কৰে৷ আমন্ত্ৰিত বক্তাদ্বয়ে বক্তৃতা প্ৰদান কৰাৰ পিছতে ডঙ্ম কৰবী গগৈয়ে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সভাৰ সামৰণি মাৰে৷