Activities of Department of Assamese

Title: - World Poetry Day
Start Date - 2022-03-21   End Date - 2022-03-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ২১-০৩-২০২২ তাৰিখ সোমবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু মহাবিদ্যালয়ৰ সাহিত্য চ’ৰা বিভাগে আন্তঃৰাষ্ট্ৰীয় কবিতা দিৱস পালন কৰে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বৰা । তেওঁক এখনি ফুলাম গামোচাৰে আদৰণি জনাই মাইনু টেৰনপিয়ে। সভাত সভাপতিত্ব কৰে ড৹ ময়ূৰী চেতিয়াই, আনহাতে সভাখনি আগধৰে সাহিত্য চৰা বিভাগৰ আহ্বায়ক ড৹ কৰবী গগৈয়ে । মহাবিদ্যালয়ৰ ৰেক্টৰ মহোদয়কে প্ৰমুখ্য কৰি আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক আৰু মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকল উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ কবিতাৰ সন্দৰ্ভত সাৱলীল তথা ৰসাল ভাষাৰে বক্তৃতা আগবঢ়ায়।  শেষত ড৹ কৰবী গগৈয়ে শলাগৰ শৰায়েৰে সভাৰ সামৰণি মাৰে। সমল ব্যক্তি ড০ প্ৰাঞ্জল প্ৰতিম বৰাই কবিতাৰ পঠন-লিখন সন্দৰ্ভত তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতে ইংৰাজী বিভাগৰ এখন হাতেলিখা কবিতাৰ পুথি উন্মোচন কৰা হয়।