Activities of Department of Assamese

Title: - Alumni Meet
Start Date - 2021-12-15   End Date - 2021-12-15   Duration - 1 days.
Nature of the Activity: - Alumni Meet
Summary: -
ইংৰাজী ১৫-১২-২০২১ তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত এখনি সভা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক তথা সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে বিভাগৰ মূৰব্বী অধ্যাপিকা অৰ্চনা কোঁৱৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিভাগীয় অধ্যাপিকা ড৹ কৰবী গগৈয়ে । আনহাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ হৈ সভাত আসন শুৱনি কৰে সভাপতি ড৹ মৌচুমী ৰেখা খাউণ্ড সম্পাদক অনুপম শইকীয়া আৰু ভাগ্যশ্ৰী তামুলীয়ে। সভাখনত আগন্তুক দিনবোৰত গ্ৰহণ কৰিব লগা কাৰ্যসূচীৰ সন্দৰ্ভত উপস্থিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মতামত প্ৰকাশ কৰে, আৰু সেই মতামতৰ সন্দৰ্ভত সিদ্ধান্তও গ্ৰহণ কৰা হয়। শেষত ড৹ কৰবী গগৈৰ শলাগৰ শৰাই যোগেদি সভাৰ সামৰণি মৰা হয়।
  
12