Activities of Department of Assamese

Title: - A Webinar on Building Potentialities Against Mental Setback
Start Date - 2020-07-05   End Date - 2020-07-05   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -

The Department of Assamese  and Department of Sociology has jointly organized a National Online webinar on 5th July, 2020 on the topic of “ Building Potentialities against Mental Setback” for the benefit of the students and the guardians of the college and the neighboring areas to face the pandemic situation. Therefore organizing committee invites one prominent Psychiatrist Prof. R.K. Lalin Singh , Department of Psychiatry, Regional Institute of Medical Science, Shillong and one Educationist Cum Psychologist Dr. Pranjal Buragohain of Dibrugarh  University as resource person of the Webinar. Total 98 participants  of various departments of the college are participated in the webinar. 



০৫-০৭-২০২০ তাৰিখ মঙ্গলবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু সমাজতত্ত্ব বিভাগৰ সহযোগত এখনি Webinar অনুষ্ঠিত হয়। Webinarখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মনোৰোগ বিশেষজ্ঞ ড৹ আৰ.কে.লেনিন সিংহ(প্ৰফেচাৰ RIMS হস্পিতেল, লামফেটপল,ইম্ফল, মণিপুৰ)আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোহাঁইদেৱে। অনলাইন আলোচনা চক্ৰখনিত মুঠ ১১০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। এই অংশগ্ৰহণকাৰীসকলৰ ভিতৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অধ্যাপক-অধ্যাপিকাসকলকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুখিনি শিক্ষক- অধ্যাপক আৰু অধ্যাপিকাৰ অংশগ্ৰহণেৰে সাফল্যমন্ডিত হৈ পৰে। 

                   ইম্ফল, মণিপুৰৰ RIMS হস্পিতেলৰ মনোৰোগ বিশেষজ্ঞ ড৹ আৰ.কে.লেনিন সিংহৰ সাৰুৱা ভাষণেৰে অংশগ্ৰহণকাৰী তথা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে কৰুণা অতিমাৰী সময়চোৱাত মানসিকভাৱে শক্তিশালী হোৱাত অৱদান আগবঢ়ায়। প্ৰশ্নোত্তৰ শিতানত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ প্ৰশ্নসমূহৰ সুন্দৰভাৱে দিহা-পৰামৰ্শ প্ৰদান কৰি উপকৃত কৰে। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোহাঁইদেৱে আগবঢ়োৱা ভাষণেও অতিমাৰী কৰুণা সময়ত মানসিকভাৱে সুস্থ হৈ থাকিবলৈ শক্তি প্ৰদান কৰে। শেষত এই অনলাইন আলোচনা চক্ৰখনিত ড৹ কৰবী গগৈৰ শলাগৰ শৰাই যোগেদি সামৰণি পৰে