Activities of Department of Assamese

Title: - আন্তৰ্জাতিক মাতৃভাষা দিৱস (INTERNATION MATRIBHASHA DIVAS)
Start Date - 2021-02-21   End Date - 2021-02-21   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ২২-০২-২০২১ তাৰিখ সোমবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে এখনি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। সভাত সভাপতিৰ আসন গ্ৰহণ কৰে ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই আৰু সভাৰ আঁত ধৰে অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা অৰ্চনা কোঁৱৰে। সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বিনয়ব্ৰত ৰাজখোৱাদেৱকে ধৰি ৰীতাঞ্জলী শইকীয়া, ৰঞ্জু দেৱী, দীপক কুমাৰ শৰ্মা, ড৹ কৰবী গগৈ আৰু ড৹ জয়ন্ত পাঠক।বিভাগৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি ড৹ জোতিৰ্ময় বৰদলৈয়ে সাৰগৰ্ভ বক্তব্যৰে ভাষণ প্ৰদান কৰে। শেষত ড৹ কৰবী গগৈৰ শলাগৰ শৰাই যোগেদি সভা সামৰণি পৰে।
  
12
  
4