Activities of Department of Assamese

Title: - workshop on Kothon-Likhon (কথন-লিখন)
Start Date - 2018-09-24   End Date - 2018-09-25   Duration - 2 days.
Nature of the Activity: - WORKSHOP
Summary: -

ইংৰাজী ২৪-২৫ ছেপ্তেম্বৰ, ২০১৮ তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীযা বিভাগে দুদিনীয়াকৈ কথন-লিখনঃ -কলা হিচাপে সৃজনীমূলক সাহিত্য-শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰে । কৰ্মশালাৰ সমল ব্যক্তি হিচাপে সাহিত্য অকাডেমী যুৱ বটাঁ প্ৰাপ্ত দুজন যুৱ সাহিত্যিক ড৹ কমল কুমাৰ তাঁতী আৰু বিপাশা বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ হয় ২৪-২৫ ছেপ্তেম্বৰ,২০১৮ তাৰিখে। অসমীয়া বিভাগৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন বিভাগৰ সৰ্বমুঠ ১১২জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দিনা অংশগ্ৰহণ কৰে । ২৪-ছেপ্তেম্বৰ,২০১৮ তাৰিখে প্ৰথম দিনা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে  বিভাগীয় প্ৰধান কেশৱ হাজৰিকাই। আৰম্ভণি অনুষ্ঠানত অধ্যক্ষ মহোদয়ে শুভেচ্ছামূলক বক্তৃতা আগবঢ়ায়। কৰ্মশালাত সৃজনীমূলক সাহিত্যৰ তাত্ত্বিক দিশৰ লগতে প্ৰায়োগিক দিশসমূহৰ  বিষয়ে আলোচনা কৰা হয়। গল্প, উপন্যাস,কবিতা, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সমালোচনা সাহিত্যৰ তাত্ত্বিক দিশৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ পিছত সকলোকে লিখনত অংশগ্ৰহণ কৰোৱায়। কৰ্মশালাৰ দ্বিতীয় দিনা কবিতা আৰু গল্পৰ লিখন কলাৰ চৰ্চা কৰা হয় । অংশগ্ৰহণকাৰীসকলৰ মাজত চিঠি,কবিতা আৰু গল্প লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। 

                      অসমীয়া বিভাগে আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট উপকৃত হয় বুলি তেওঁলোকে সামৰণি অনুষ্ঠানত অনুভৱ ব্যক্ত কৰি কয়।

  
12
  
4