Activities of Department of Assamese

Title: - Awareness Programme on Protection for Environment under UGC Extension Programme at Dikhowmukh 1 no. Alimur Gaon, Sivasagar.
Start Date - 2017-03-26   End Date - 2017-03-26   Duration - 1 days.
Nature of the Activity: - Extension Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগে ২৬-০৩-২০১৭ তাৰিখে শিৱসাগৰ জিলাৰ দিখৌমুখৰ ১ নং আলিমূৰ গাঁৱত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সম্প্ৰসাৰণ শিক্ষাৰ অধীনত পৰিৱেশ সংৰক্ষণৰ এক সজাগতা সভা অনুষ্ঠিত কৰে৷ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ বাবে অসমীয়া বিভাগৰ ৫০ জন চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী ২৬-০৩-২০১৭ তাৰিখ দেওবাৰে পুৱা ৯.০০ বজাত এখন ষ্টাৰ বাছেৰে বিভাগীয় প্ৰধান কেশৱ হাজৰিকা আৰু ড০ কৰবী গগৈৰ তত্বাৱধানত ১ নং আলিমূৰ গাঁৱলৈ যোৱা হয়৷ গাঁওখনৰ যুৱক তথা আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মাধৱজ্যোতি মিলিৰ সহযোগত স্থানীয় ৰাইজক লৈ গাঁৱৰ মুৰং ঘৰত পৰিৱেশ সংৰক্ষণৰ সজাগতা সভাখন অনুষ্ঠিত কৰা হয়৷ সভাখনৰ সভাপতিত্ব কৰে স্থানীয় ব্যক্তি শ্ৰীযুত নোমল মিলিয়ে৷ সভাৰ আৰম্ভণি কৰি ড০ কৰবী গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ সজাগতা সম্পৰ্কে সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায়৷ কেশৱ হাজৰিকাই পৰিৱেশ ৰক্ষাৰ বাবে কৰণীয় কিছুমান দিশ উনুকিয়াই বক্তব্য আগবঢ়ায়৷ সভাত গাঁৱৰ দুই এজন ব্যক্তিয়েও তেওঁলোকৰ গাঁওখনৰ পৰিৱেশ সম্পৰ্কীয় কিছু কথা কয়৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তিনিগৰাকী ক্ৰমে বনশ্ৰী চুতীয়া, গীতাৰ্থ শইকীয়া আৰু অনিমা দাসে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়৷ সভাৰ সভাপতি তথা সমল ব্যক্তি শ্ৰীযুত নোমল মিলিয়ে পৰিৱেশ সংৰক্ষণ, সংবদ্ধৰ্ন, পৰিৱেশ পৰিষ্কাৰকৈ ৰখা আদিৰ বিষয়ে তেখেতৰ ভাষণ আগবঢ়ায়৷ ইয়াৰ পিছতে  নামঘৰৰ সন্মুখত দুটা গছপুলি ৰোপণ কৰা হয়৷ পুলিদুটা ৰোপণ কৰে নামঘৰৰ নামঘৰীয়া আৰু এজন স্থানীয় লোকে৷ ইয়াৰ পিছত গাঁৱৰ প্ৰাইমেৰী স্কুলৰ চৌহদ আৰু বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰা হয়৷ ইয়াৰ পিছতে সভাৰ অন্ত পৰে৷ ড০ কৰবী গগৈয়ে উপস্থিত সকলোকে সহযোগিতা কৰাৰ বাবে শলাগৰ শৰাই আগবঢ়ায়৷ সভা শেষ হোৱা পিছত ছাত্ৰ-ছাত্ৰীসকলে চাৰিটা দলত বিভক্ত হৈ গাঁৱৰ ঘৰে ঘৰে গৈ পৰিৱেশ সম্পৰ্কে সজাগ কৰিবলৈ আৰু মিছিং ভাষা-সাহিত্য-সংস্কৃতি সম্পৰ্কে অধ্যয়ন কৰিবলৈ যায় ৷ লগতে পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিবলৈ পৰিৱেশ সংৰক্ষণ, পৰিৱেশ পৰিষ্কাৰকৰণ, অনাময় ব্যৱস্থা আদি সম্পক¹য় বিভিন্ন শ্লোগানৰ পোষ্টাৰ বিভিন্ন ঠাইত লগায়৷ এই সকলোবোৰ কাম সামৰি অসমীয়া বিভাগৰ মুঠ ৫২ জনীয়া দলটো দিনৰ ৩.৩০ বজাত পুনৰ মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হয়৷
  
Part of the team for the awareness programmeSaplings given to villagers
  
Exchange of views with elderly people of the village