Activities of Literary Club

Title: - 150th Birth Anniversary celebration of Mahatma Gandhi
Start Date - 2019-10-01   End Date - 2019-10-02   Duration - 2 days.
Nature of the Activity: - Extension Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ সাহিত্য চ’ৰাৰ উদে্যাগত ইংৰাজী ০১আৰু ০২ অক্টোবৰ ২০১৯ তাৰিখে  মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদ্‌যাপন কৰা হয়৷ ০১ অক্টোবৰৰ দিনা গান্ধীজয়ন্তী উপলক্ষে এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰি সভাপতি ড০ দীপক কুমাৰ শৰ্মা মহোদয়ে ৷  প্ৰতিযেগিতাসমূহ  হ’ল- প্ৰবন্ধ প্ৰতিযেগিতা, বক্তৃতা প্ৰতিযোগিতা আৰু পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা ৷ আটাইকেইটা প্ৰতিযোগিতাত বিচাৰকৰূপে উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰি সভাপতি ড০ দীপক কুমাৰ শৰ্মা, বিশিষ্ট শিক্ষাবিদ ড০ ভাৰত বৰা আৰু হিমেন ভট্টাচাৰ্য ৷ প্ৰতিযোগিতাৰ শেষত দীপক কুমাৰ শৰ্মা মহোদয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি উপদেশমূলক বক্তৃতা আগবঢ়ায়৷ ইয়াৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়৷ সভাখনিৰ আঁত ধৰে সাহিত্য চ’ৰাৰ সভাপতি ৰবীন শইকীয়াই৷  বঁটা বিতৰণী সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে বক্তৃতা প্ৰদান কৰে৷ বিচাৰক তথা অতিথিস্বৰূপে উপস্থিত থকা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰি সভাপতি ড০ দীপক কুমাৰ শৰ্মা আৰু  
ড০ ভাৰত বৰা মহোদয়ে বক্তৃতা প্ৰদান কৰে৷ তাৰ পিছতেই  প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়৷ বঁটা বিতৰণৰ পিছতেই  সাহিত্য চ’ৰাৰ আহ্বায়ক ড০ কৰবী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু সভাৰ সামৰণী হয়৷
০২ অক্টোবৰৰ পুৱা ৯.০০ বজাত গান্ধীজয়ন্তী উপলক্ষে মহাবিদ্যালয়ত এগছি বন্তি প্ৰজ্বলন কৰা হয় ৷ তাৰ পিছতেই  মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকল আৰু ছাত্ৰীনিবাসৰ আবাসীসকলৰ সহযোগিতাত মহাবিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰা হয়৷   এনেদৰেই দুদিনীয়া কাৰ্যসূচীৰে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন কৰা হয়৷ 

  
মুকলি সভাআদৰণী
  
পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা

Go Back