Activities of Literary Club
Title: - World Poetry Day | ||
Start Date - 2024-03-21 End Date - 2024-03-21 Duration - 1 days. | ||
Nature of the Activity: - co-curricular activity | ||
Summary: - | ||
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ সাহিত্য চ'ৰা, অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ উদ্যোগত ২১ মাৰ্চ, ২০২৪ তাৰিখে বিশ্ব কবিতা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত আৰম্ভণিতে মহাবিদ্যালয়ৰ সাহিত্য চ'ৰাৰ সভাপতি ড০ ময়ূৰী চেতিয়াই আদৰণী ভাষণ প্ৰদান কৰে। আদৰণী ভাষণৰ পিছতে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই শুভেচ্ছামূলক একাষাৰ আগবঢ়ায়। বিশ্ব কবিতা দিৱস অনুষ্ঠানটিত সমল ব্যক্তিৰূপে যোৰহাটৰ বিশিষ্ট শিল্পী, কবি, নাট্যকৰ্মী দেৱব্ৰত মহন্ত উপস্ছিত থাকে। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা পাঠৰ এটি অনুষ্ঠান অনুষ্ঠিত হয়। ১৬ জন ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটিত স্বৰচিত কবিতা পাঠ কৰে। কবিতা পাঠৰ অন্তত সমল ব্যক্তি দেৱব্ৰত মহন্তদেৱে কবিতাসমূহৰ বিশ্লেষণ আগবঢ়ায়। তাৰ পিছতে সমল ব্যক্তি মহন্তদেৱে তোখেতৰ বক্তৃতা প্ৰদান কৰে। তেখেতৰ বক্অতৃতাত কবিতা লিখিবৰ বাবে গভীৰ অধ্যয়ন আৰু অনুশীলনৰ প্ৰয়োজন আছে বুলি মত আগবঢ়ায়। বিশ্ব কবিতা দিৱসৰ এই অনুষ্ঠানতে অসমীয়া বিভাগৰ বাৰ্ষিক হাতেলিখা কবিতাৰ আলোচনী ''অনুভৱৰ ছন্দ'' উন্মোচন কৰা হয়। উন্মোচন কৰে সমল ব্যক্তি দেৱব্ৰত মহন্ত, ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্য আৰু আভ্যন্তৰীণ মান নিশ্চতকৰণ কোষৰ সমন্বয়ক ড০ ৰুবী নাথে। | ||